জলদস্যু জেক স্পাৰোৰ অভিনয় আৰু উপস্থাপনা ডিজনীৰ কায্যবাহী বিষয়া সকলে একেবাৰে ভাল পোৱা নাছিল আৰু মুকলিকৈ "পাগল তথা সমকামী" ধৰনৰ বুলি অভিযোগ কৰিছিল ৷ তেওঁলোকে অভিনেতাজন সলোৱাৰ গুণাগথাই কৰি আছিল ৷ আন অভিনেতা তথা কলা কুশলী সকলে জেক স্পাৰোৰ অংগীভংগী দেখি সন্দেহ প্ৰকাশ কৰিছিল - যে কি হব এই চৰিত্ৰটোৰ ! নচলিব দেখোন ৷
জেক স্পাৰোৰ চৰিত্ৰটোৰ বাবে R&D কৰি অভিনেতা জনী দেপে দুটা কথা ভাৱি উলিয়ালে ৷ এটা হল জেক স্পাৰো চৰিত্ৰটো সমগ্ৰ জীৱন পানীৰ ওপৰতেই কটালে । নানা অভিজ্ঞতা মূলত সূয্যৰ প্ৰখৰ তাপৰ বাবে তেওঁৰ অলপ মূৰৰ গন্দগোল হোৱাটো স্বাভাৱিক আছিল ৷ গতিকে তেওঁ চৌনাৰ ( SAUNA) ভিতৰত উষ্ণতা বহু ডিগ্ৰী বঢ়াই বহু দিন তেনেকৈয়ে থাকিবলৈ ললে ৷ ( এনে এক কঠোৰ শাৰিৰীক মানসিক পৰিশ্ৰম কৰি হিথ লেজাৰেও ৰুম এটাত সোমাই থাকিছিল জোকাৰ চৰিত্ৰটোৰ বাবে) উচ্চ উষ্ণতাত থাকি নিজৰ মূৰৰ গন্দগোলৰ আভাস অলপ লৈ ললে ৷
দ্বিতীয়তে জনী দেপে ভাৱি উলিয়ালে যদিহে জেক স্পাৰো জীৱনৰ প্ৰায় সমগ্ৰ সময় জাহাজত সাগৰৰ পানীৰ ওপৰতেই কটালে - তেন্তে মাটিত নামিলে তেওঁ শৰীৰত থকা সাগৰৰ লহৰ, জোৱাৰ ভাটা আদিৰ প্ৰভাৱ নাইকিয়া নহয় । পদাৰ্থ বিদ্যাত এই প্ৰভাৱক লৈ এটি Inertia বুলি সুত্ৰ এটাও আছে ৷ গতিকে জেক স্পাৰো চৰিত্ৰটো হিলি দুলি থাকে ৷ আমি পৰ্দাত তেনেকৈয়ে দেখা পাও - মানুহটো নাচি থকাৰ দৰে থাকে ৷ এইটো এটা অসাধাৰণ পয্যবেক্ষণ আছিল ৷ জনী দেপে সাৰ্থকভাৱে প্ৰয়োগ কৰিছিল ৷
এই কথা বিলাক কোনেও মন কৰা নাছিল ৷গতিকে জলদস্যু ৰুপী আন চৰিত্ৰবোৰৰ ওপৰত এই প্ৰভাৱ দেখা পোৱা নাযায় - কাৰন আন কোনেও এইদৰে R&D ও কৰা নাই । ইয়াৰ পিছতো জনী দেপৰ অভেনয়ক লৈ সন্দেহ আছিল , দিজনী ৰ কায্যকৰ্তা সকল অসন্তুষ্ট আছিল ৷
Test screening ৰ আয়োজন কৰা হল আৰু সকল সচা দৰ্শকক আমন্ত্ৰণ কৰা হল । এই সচা দৰ্শক সকলেই জনী দেপ অভিনয়ত জেক স্পাৰোক সাংঘাতিক ধৰনেৰে ভাল পালে ৷ আৰু জনী দেপৰ জেক স্পাৰো থাকি গল চিনেমা ইতিহাসৰ এটি অন্যতম Cult চৰিত্ৰ হিচাপে ৷ জনী দেপে এতিয়াও স্বিকাৰ কৰে যে মোক Real Public য়ে বচালে বুলি ৷
Test Screening ত অসমত এতিয়াও গুৰুত্ব সহকাৰে লোৱা নহয় ৷ বা অসমৰ চিনেমা জগতত বহুতে এই বিষয়ে বা ইয়াৰ উপযোগিতা তথা প্ৰয়োজন আদিৰ কথা নাজানেই ৷
চিনেমা এখনৰ Test screening বহু জৰুৰী ৷ অসমৰ চিনেমাৰ উন্নতি তথা গঠনমূলক বিকাশ , পৰিবেশনা আদিৰ বাবে প্ৰযোজক আৰু পৰিচালক সকলে Test Screening ক গুৰুত্ব দিযা উচিত ।

No comments:
Post a Comment